1
Kashmir is India’s deputy-wife
Pakistan India’s shady lover
2
The grief that was there in Burhan Wani’s funeral
That grief in the killing of Dhemaji children
The circular migration of the same grief
Is in the coffin of the soldiers in Pulwama
Arjun wakes up from the Mahabharat to ask
What will I gain from so much death?
Krishna remains
Without an answer
Speechless
3
Today the Muslims are bad
Tomorrow the Hindus
We will kill the Sikhs today
We will chase away the Buddhists tomorrow
Khaki half-pant
Good
Scull-cap – RDX
Good
The American meaning of Jehad
Good. Good.
Today understand nicely the politics
Yet till that day
We were just amphibians
Soaked in hooch and lust
Good. Very good
4.
At this moment
Listen to no intellectual
Or, to a mad poet like me
The market is flooded with the poison-sea of religion
Don’t gulp it down to become poison guzzling Shiva
5.
After the funeral comes
A strangely cold
And good feeling
Still it is sinful
To do comedy
In a grief-stricken country
Today if Narendra Modi dressed as a soldier
Goes to war
The monkey army follows
And from the other side
ISI Lashkar-e-toiba Hijbul Mujahideen…
I swear by my mother that I will
Bet my last penny
And clap my hands away
6.
Everything will be okay tomorrow
Tomorrow everything will be okay
Tomorrow the great media will
Deliver the propaganda pizza
Tomorrow everything will be okay
7
War is needed
Weapons are needed too
Let the country become Vietnam once
Half mast flag
Near bloodied dead bodies
Is needed
___________ Translated by Banamallika Choudhury
১.
কাশ্মীৰ ভাৰতৰ উপপত্নী
পাকিস্তান তাইৰ ভণ্ড প্ৰেমিক
২.
বুৰহান ৱানিৰ শৱযাত্ৰাত যি দুখ আছিল
একেখিনি দুখ আছিল ধেমাজিৰ শিশুহত্যাত
সেই একেই শোকৰ চক্ৰাকাৰ গতি
পুলবামাত নিহত সৈনিকৰ কফিনত
মহাভাৰতৰ পৰা উঠি আহি
অৰ্জুনে প্ৰশ্ন কৰি যায়-
ইমানবোৰ মৃত্যুৰে মই কি লাভ কৰিম
শ্ৰীকৃষ্ণ নিৰুত্তৰ
নিৰ্বাক
৩.
আজি মুছলিম বেয়া
কালি হিন্দু বেয়া
আজি শিখক কাটিম
কালি বৌদ্ধক খেদিম
খাকী হাফপেন্ট
ভাল
টুপী-আৰ ডি এক্স
ভাল
জিহাদৰ আমেৰিকান অৰ্থ
ভাল ভাল
আমি ৰাজনীতি বেছ বুজিছো
অথচ
সৌ কালিলৈকে আমি আছিলো
মদে-সঙ্গমে উভচৰ
ভাল
বহুত ভাল
৪.
এই মুহূৰ্তত
না কোনো বুদ্ধিজীৱিৰ কথা শুনিব
না শুনিব মোৰ দৰে পাগল কবিক
ধৰ্মৰ বিষ সাগৰ হৈ আছে বজাৰত
পটককৈ পী নীলকণ্ঠী হৈ নাযাব
৫.
সৎকাৰৰ পিছত
এক অদ্ভুত শীতল
আৰু ভাল ভাৱ এটা আহে
তথাপিও
দুখত কাতৰ হৈ থকা দেশত
কমেডি কৰা মহাপাপ
আজি যদি নৰেন্দ্ৰ মোদীয়ে
সৈনিকৰ বেশত যুদ্ধক্ষেত্ৰলৈ যায়
পিছে পিছে বান্দৰ বাহিনী আৰু
সিফালৰ পৰা
আই এছ আই লস্কৰ-ই-তইবা হিজবুল-মুজাহিদীন
বিদ্যা শপথ
শেষ খুচুৰা কেইটা জুৱাত লগাই
হাততালি বজাই থাকিম মই
( ভক্তগণলৈ এটা এটা মাক ফোদী উপহাৰ )
৬.
কালিলৈ চব ভাল হৈ যাব
কালিলৈ চব ভাল হৈ যাব
কালিলৈ মহান মিডিয়াই
প্ৰপাগাণ্ডিষ্ট পিজ্জা লৈ আনিব
কালিলৈ চব ভাল হৈ যাব
৭.
যুদ্ধৰ প্ৰয়োজন আছে
প্ৰয়োজন আছে অস্ত্ৰৰো
দেশখন এবাৰ
ভিয়েতনাম হৈ যাওক
ৰক্তাক্ত মৃতদেহৰ কাষত
অৰ্ধনমিত ৰঙা পতাকাৰ
প্ৰয়োজন আছে
Be First to Comment