Translated from Axomiya by Biswajit Bora & Tara Amrapali
O’ State, come, arrest me
I never learnt Jana Gana Mana.
Every Independence Day was our annual celebration
As a day of burning flames and protests,
A day of complete shutdown.
Each day, a day of murder, a day of rape
A day when crimson tears fell on each memory’s hearth
My heart never could feel the love for Jana Gana Mana
This anthem did not bear the name of my land
Nor the names of my rivers, my hills.
Yet in the geography classes we used to draw a map
Of a country,
And my land was there at a corner
In awkward silence
Wearing a heavy shackle around it’s slight neck.
Indifferent, we learnt to draw the tricolor
And sitting under the tree we sang about these colours
dancing in the blue sky, although
there was neither life nor colour.
Even now
Our children draw the same flag
Now,
On the 15th of August
They go to school early in the morning
And touching their foreheads with their tiny hands
They shout “Jai Hind”
(Even today my tongue cannot twist these words properly)
Yet the flaming questions of those days remain
The cries remain,
The questions keep piling up, they keep getting longer
Unrequited, we die vomiting blood.
Till our homes remain desolate
Our children remain missing
Our houses keep getting pillaged
Till the heavy boots keep quivering time
We will stay awake in our ravaged land
Seeking answers
As rebels of an ancient revolt.
O’ State, come, arrest me.
The flood ravaged villages are my home
The fire seared villages of ’83 are my home
Those villages
Where droves of young men were killed in the ‘90s, are my home
Where the shrieks of Bhanimai[footnote]14 year old student Bhanimai Dutta of Khowdang village of Lakhimpur district was gangraped and killed by Indian army soldiers on 16 October, 1991, in presence of her parents.[/footnote] and Raju[footnote]Raju Barua was a 20 years old student of Sutargaon village of Sonitpur was gangraped and killed by Indian army soldiers on 6 October, 1991. [/footnote] still haunt in the nights, are my home.
My peasant father is debt-torn,
My cadaverous peasant mother
Muses over a paddy field eroded by the river,
And my brother and my sister, jobless
O State, come, arrest me
I am guilty of revolting against you.
————————————
জন গণ মন শিকা নহ’ল কাৰণ প্ৰতিটো স্বাধীনতা দিৱস আছিল জুই আৰু প্ৰতিবাদ
অথবা সৰ্বাত্মক বন্ধৰ দিন
প্ৰতিটো দিনেই আছিল হত্যাৰ দিন, ধৰ্ষণৰ দিন
সোঁৱৰণিৰ জুহালত তেজৰ চকুলো টোকা দিন
জন গণ মন ভাল পোৱা নহ’ল কাৰণ তাত নাছিল মোৰ মাটিৰ নাম
মোৰ নৈ নিজৰাবোৰৰ নাম, পাহাৰবোৰৰ নাম
তথাপিও ভূগোলৰ শ্ৰেণীকোঠাত দেশ বুলি এখন মানচিত্ৰ আঁকিছিলোঁ
আৰু তাত এচুকে নিতাল মাৰি আছিল মোৰ মাটি
ক্ষীণ ডিঙিত পিন্ধি শিকলি এডাল
নিৰ্লিপ্ত হৈ শিকিছিলোঁ আঁকিবলৈ তিনিবৰণীয়া এখন
গছৰ তলত বহি আওঁৰাইছিলোঁ সেই ৰং নীল আকাশত নচাৰ কথা
যদিও তাত প্ৰাণ নাছিল, ৰং নাছিল
এতিয়াও আমাৰ ল’ৰাছোৱালীহঁতে একেখন পতাকাকে আঁকে
এতিয়াও পোন্ধৰ আগষ্টত ৰাতিপুৱাই সিহঁত স্কুললৈ যায়
আৰু সৰু সৰু হাতবোৰ কঁপালত লগাই কয় জয় হিন্দ
(মোৰ জিভাত যি ভালকৈ এতিয়াও নুফুটে)
কিন্তু তাহানিৰ সেই উত্তাল প্ৰশ্নবোৰ থাকি যায়
চিঞৰবোৰ থাকি যায়
লানি লাগি লাগি প্ৰশ্নবোৰ দীঘল হৈ গৈ থাকে
আৰু উত্তৰহীনতাত তেজ বতিয়াই আমি মৰোঁ
আমাৰ ঘৰবোৰ যেতিয়ালৈকে উদং হৈ থাকিব
নিখোঁজ হৈ থাকিব ল’ৰাছোৱালীবোৰ
উছন গৈ থাকিব আমাৰ ভেঁটি
বুতজোতাই কঁপাই থাকিব সময়
উচ্ছেদভূমিত আমি জাগি ৰ’ম উত্তৰ বিচাৰি
প্ৰাচীন এক দ্ৰোহৰ দ্ৰোহী হৈ
আহ ৰাষ্ট্ৰ গ্ৰেপ্তাৰ কৰ মোক
বানে ধোৱা গাঁওবোৰত মোৰ ঘৰ
তিৰাশীৰ জুয়ে পোৰা গাঁওবোৰত মোৰ ঘৰ
নব্বৈত জাকে জাকে ডেকাল’ৰা মৰা গাঁওবোৰত মোৰ ঘৰ
ভনীমাই আৰু ৰাজুহঁতৰ চিঞৰে এতিয়াও ৰাতি দহি থকা গাঁওবোৰত মোৰ ঘৰ
ঋণগ্ৰস্ত মোৰ কৃষক পিতা
নদীত জাহ যোৱা পথাৰ এখন সুঁৱৰি মৃতবৎ মোৰ কৃষক আই
বেকাৰ ভাই বেকাৰ ভনী
আহ ৰাষ্ট্ৰ গ্ৰেপ্তাৰ কৰ মোক মই তোৰ দ্ৰোহত দ্ৰোহী।
O accursed State, I spit on you
If my patriotism is returned with a swing of your truncheon
If your bullet determines whether it is my sedition or patriotism
Come, come down from your altar
Let’s confront each other
Come, o State, let’s take a walk amidst the curfew stinking of burnt flesh
Warm our hands on that fire ablaze since ages
And have a cup of tea
That boy making tea on the footpath, shivering in cold
He was born in a ravaged land
His father is in detention camp
His pregnant mother drowned in a pool of blood
Succumbing to injuries received from kicks by your mercenaries came to evict them
He does not understand the meaning of a country
Nor what home is
O State, for you the country means Ram, riots, bloodsheds
For us, the country means justice, dreams, clarion calls for freedom
The country means rice, rivers, Shankar–Azan
The country means red Hibiscus, red Palash, and songs in protests and love
You may plant land mines in our fields
We will sow seeds of good luck
You may stick your bayonets
We will make shares for ploughs
You may build dams on our rivers
We will dig up streams
You may build detention camps as many as you can
We will open schools there
And hoist the Red flag
Let the gaol be the final address
Let my name be written in the bullets of your gun
Every day now revolts for sedition
O accursed State, I spit on you
—————–
যদি মোৰ দেশপ্ৰেমৰ বিনিময় তোৰ লাঠীৰ কোব
যদি তোৰ বুলেটে নিৰ্ধাৰণ কৰিব মোৰ ৰাষ্ট্ৰদ্ৰোহ অথবা ৰাষ্ট্ৰপ্ৰেম
আহ নামি আহ মছনদৰপৰা
মুকলিত লগ হওঁ মুখামুখিকৈ
আহ ৰাষ্ট্ৰ, মঙহ পোৰা গোন্ধাই থকা কাৰ্ফিউৰ মাজেদি অলপ খোজ কাঢ়োঁ
তাহানিৰে পৰা ৰু ৰুৱাই জ্বলি থকা সৌ জুইকুৰাত হাতখন সেঁকো
আৰু একাপ চাহ খাওঁ
সেয়া যে ফুটপাথত জাৰত থকথককৈ কঁপি ল’ৰাটোৱে চাহ বনাইছে
তাৰ জন্ম এক উচ্ছেদভূমিত
তাৰ বাপেক ডিটেনশ্যন কেম্পত
তোৰ ভেৰোণীয়া উচ্ছেদকাৰীৰ গোৰত গা খহি তাৰ গাভাৰী মাক মৰিল তেজৰ পুখুৰী এটাত ডুবি
দেশ মানে কি সি নুবুজে
ঘৰ মানেও
ৰাষ্ট্ৰ, তই কৱ দেশ মানে ৰাম দেশ মানে দাংগা দেশ মানে খুন
আমি কওঁ দেশ মানে ন্যায় দেশ মানে স্বপ্ন দেশ মানে আজাদীৰ বিউগল
দেশ মানে ধান দেশ মানে নদী দেশ মানে শংকৰ-আজান
দেশ মানে ৰক্তজবা ৰক্তপলাশ আৰু প্ৰেমে-প্ৰতিবাদে গান
তই আমাৰ পথাৰত লেণ্ড মাইন পোত
আমি তাত সিঁচিম সুৱাগমণি শইচ
তই তাত বেয়নেট পোত
আমি গঢ়ি ল’ম নাঙলৰ ফাল
তই আমাৰ নদীবোৰ বান্ধ
আমি খান্দি উলিয়াম ফল্গুধাৰা
তই যিমান পাৰ সাজ ডিটেনশ্যন কেম্প
আমি তাত স্কুল পাতিম
উৰুৱাম ৰক্তবৰ্ণ পতাকা
কাৰাগাৰেই হওক শেষ ঠিকনা
তোৰ বন্দুকৰ গুলীতেই লিখা ৰওক মোৰ নাম
প্ৰতিটো দিনেই এতিয়া ৰাষ্ট্ৰদ্ৰোহত দ্ৰোহী
হতচিৰি ৰাষ্ট্ৰ তোৰ মুখত থুই
[Translated from Axomiya by Biswajit K. Bora]
Be First to Comment